মাহ ধৰি পঞ্চতাৰকাযুক্ত হোটেলত সোমাই থকা চৰকাৰে জনতাক সুৰক্ষা দিব নোৱাৰেঃ পূজাৰী হত্যাক লৈ সৰৱ বিজেপি

73

ডিজিটেল ডেস্কঃ ৰাজস্থানৰ কৰোল জিলাত এগৰাকী মন্দিৰৰ পূজাৰীক জীৱন্তে দাহ কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি। কংগ্ৰেছ শাসিত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলোটক এই হত্যাকাণ্ডৰ বাবে জগৰীয়া কৰি ক্ষুৰধাৰ সমালোচনা কৰিছে বিজেপিয়ে। বিজেপি সাংসদ ৰাজ্যবৰ্ধন ৰাথোৰে এই ঘটনাক লৈ ৰাজ্য চৰকাৰক তীব্ৰভাষাৰে সমালোচনা কৰে।

বিজেপি সাংসদ গৰাকীয়ে কয় যে বৰ্তমান সময়ত ৰাজস্থানত শিশু, মহিলা, বৃদ্ধি কোনো সুৰক্ষিত নহয়। তেওঁ কয়, ‘আজি আৰক্ষীৰ মনোবল হ্ৰাস পাইছে চৰকাৰৰ বাবে। আজিৰ ৰাজস্থানত কোনো সুৰক্ষিত নহয়। আনকি মন্দিৰত পূজা-অৰ্চনা কৰা পূজাৰীসকলো এতিয়া সুৰক্ষিত নহয়। যিখন চৰকাৰে মাহ ধৰি পঞ্চতাৰকাযুক্ত হোটেলত বাহৰ পাতে, সেই চৰকাৰৰ মন্ত্ৰী-বিধায়কে কেৱল নিজৰহে সুৰক্ষা নিশ্চিত কৰিব পাৰে, জনতাৰ নহয়।’

উল্লেখ্য যে, ভূমি বিবাদক কেন্দ্ৰ কৰি ৰাজস্থানৰ কৰোল জিলাত মীনা সম্প্ৰদায়ৰ ৬জন দুৰ্বৃত্তই এগৰাকী মন্দিৰৰ পূজাৰীক পেট্ৰ’ল ঢালি জ্বলাই দিছিল। এই ঘটনাত গুৰুতৰভাৱে আহত বাবুলাল বৈষ্ণৱ নামৰ পূজাৰীজনক হাস্পতালত ভৰ্তি কৰা হয় যদিও বৃহস্পতিবাৰে সন্ধিয়া তেওৰ মৃত্যু ঘটে। ইফালে পূজাৰী হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত কৈলাশ মীনাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৃত্যুৰ পূৰ্বে পূজাৰী বাবুলাল বৈষ্ণৱে দি যোৱা ভাষ্য অনুসৰি ৬ জন লোকে তেওঁক পেট্ৰ’ল ঢালি জ্বলাই দিছিল। আৰক্ষীয়ে ঘটনাৰে জড়িতসকলক বিচাৰি তদন্ত আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী অশোক গেহলোটেও শীঘ্ৰে দোষীক কৰায়ত্ব কৰাৰ আশ্বাস প্ৰদান কৰিছে।