মাষ্টৰৰ পুতেক ছাগলী চোৰ! ধৰা পৰি খালে লপাথপা

472

ছাগলী চুৰি কৰিবলৈ আহি গাঁওবাসীৰ হাতত হাতেলোতে ধৰা পৰিল দুই ছাগলী চোৰ। এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাত।

জিলাখনৰ দেৰগাঁৱৰ ফুকন নগৰত ছাগলী চুৰি কৰিবলৈ অহা দুই যুৱকক ৰাইজে ধৰি লপাথপা দিয়াৰ পিছত গতাই দিয়ে আৰক্ষীক।

খবৰ অনুসৰি, ছাগলী চুৰি কৰি বাইকত উঠি পলায়ন কৰিবলৈ চেষ্টা কৰা অৱস্থাত আটক কৰা হয় দুয়োকে।

ধৃত যুৱক দুজনক হৃষিকেশ কাশ্যপ আৰু টুটু দলে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে হৃষীকেশ কাশ্যপ দেৰগাঁৱৰ এখন শিক্ষানুষ্ঠানৰ এজন জনপ্ৰিয় শিক্ষকৰ পুত্ৰ।