লকডাউনৰ মাজতেই ৰাইজক জুৰুলা কৰিছে বানে। তাৰ সমান্তৰালভাৱেভাৱে মহানগৰীত ভূমিস্খলন। মালিগাঁৱত পুনৰ ভয়ংকৰ ভূমিস্খলন৷ জালুকবাৰী আৰক্ষী চকীৰ সমীপৰ এটা অঞ্চলত গাৰ্ড ৱাল খহি বিস্তৰ ক্ষতি কৰে ধনুশ দেৱনাথ নামৰ এজন লোকৰ বাসগৃহৰ৷ কথমপি ৰক্ষা পৰিল পৰিয়ালৰ লোকসকলৰ প্ৰাণ৷ ধবংস হৈছে পৰিয়ালতোৰ বহুতো অত্যাৱশকীয় সামগ্ৰী ৷ উল্লেখযোগ্য যে সেই স্থানৰ সমীপতে কিছুদিন আগত সংঘটিত হৈছিল আন এক ভয়ংকৰ ভূমিস্খলন৷ যদিহে প্ৰশাসনে অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে অঞ্চলটো সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত বিপদৰ৷ আনহাতে, অম্বিকাগিৰি নগৰৰ এটা পথো বন্ধ হৈ পৰে ভূমিস্খলনৰ ফলত। পুৱাৰে পৰা পথটোৰে ব্যাহত পৰিছে যাতায়াত।
Latest article
ভয়ংকৰ অগ্নিকাণ্ডত প্রাণ গ’ল এজনৰ
এক ভয়ংকৰ অগ্নিকাণ্ডত প্ৰাণ গ'ল এজন যুৱকৰ। শুই থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত বিকাশ শৰ্মাই প্ৰাণ হেৰায়ায়। ইয়াৰোপৰি জ্যেষ্ঠ ভগ্নীৰ কথমপি প্ৰাণ ৰক্ষা...
কাজিৰঙা ভ্ৰমণ শচীন তেণ্ডুলকাৰৰ
কাজিৰঙাত সপৰিয়ালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। ডিঙিত গামোচা লৈ ভ্ৰমণ কৰিলে কাজিৰঙা । পুৱাই পৰিয়ালসহ জীপ, হাতী ছাফাৰী শচীন তেণ্ডুলকাৰৰ। কাজিৰঙাৰ নৈসৰ্গিক শোভা উপভোগ...
জনতাৰ বাবে আহিল বেয়া খবৰ
সাধাৰণ জনতাৰ বাবে এটা দুঃখবৰ । মঙলবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশত বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য । ৰাজহ বিভাগৰ এক অধিসূচনা অনুসৰি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ...