মানুহৰ কথা চিন্তা কৰা এছিয়াৰ ৫০গৰাকী তাৰকাৰ তালিকাত ছনু সুদৰ নাম

106

ডিজিটেল ডেস্কঃ ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিলেও বাস্তৱত তেওঁ সকলোৰে নয়নৰ মণি হৈ পৰিছে এতিয়া। কোৰোনা কালত আৰ্তজনৰ বাবে কৰা তেওঁৰ সকলো কাম কাজেই এতিয়া তেওঁৰ বাস্তৱ পৰিচয় হৈ পৰিছে। তেওঁ হৈছে অভিনেতা চনু সুদ।

চলিত বছৰৰ মাৰ্চ মাহৰ পৰা দেশত ক’ৰোনাই গা কৰি উঠে। সেই সময়ৰ পৰাই ৰাজপথত নামি পৰে ছনু সুদ। আৰম্ভণিতে সহায়ৰ হাত আগবঢ়ায় ঘৰলৈ উভতিবলৈ সমস্যাৰ সন্মুখীন হোৱা পৰিভ্ৰমী শ্ৰমিকসকলক। তাৰ পাছত কেতিয়াবা যদি কোনো কৰ্মহীন কাৰোবাক কৰ্মসংস্থানৰ ব্যৱস্থা কৰি দিয়ে, কেতিয়াবা আকৌ অভাৱগ্ৰস্ত শিৰ্ক্ষাথীৰ হাতত তুলি দিয়ে স্মাৰ্ট ফোন, কেতিয়াবা আকৌ ভগ্নীতুল্য যুৱতীৰ হাতত তুলি দিয়ে ট্ৰেক্টৰৰ চাবি। সময়ে সময়ে মানুহৰ কাষত ছনু সুদ ঈশ্বৰৰ দূত হিচাপে থিয় দিয়ে। আৰু সেই সূত্ৰে তেওঁ এইবাৰ ৫০ গৰাকী এছিয়ান তাৰকা শিল্পীৰ ভিতৰত শীৰ্ষস্থান দখল কৰে। এই সন্মান লাভ কৰি তেওঁ কয় যে মোৰ শেষবিন্দু তেজ থকা লৈ মই মানুহৰ কাষত থিয় দিম, তেওঁলোকক সহায় কৰিম।

উল্লেখ্য যে, বিগত সময়ত বাতৰিৰ শিৰোনাম দখল কৰিছিল ছনু সুদ- তেওঁৰ সেৱামূলক কৰ্মৰ বাবে তথা দুখীয়া লোকক কঠিন সময়ত আৰ্থিকভাৱে সহায় কৰাৰ বাবে। মুম্বাইত ছনু সুদৰ আছে অগাধ সম্পত্তি। সেই সম্পত্তিসমূহৰ ভিতৰত জুহুৰ ৮ টা সম্পত্তি তেওঁ বন্ধকত ৰাখিছে ১০ কোটি টকাৰ বিনিময়ত। যি ধন ব্যৱহাৰ কৰা হ’ব দুখীয়া মানুহৰ সহায়ৰ বাবে। এই সম্পত্তিৰ ভিতৰত আছে দুখন দোকান আৰু ৬ টা ফ্লেট।