মানাহ ৰাষ্ট্ৰীয় উদ্যানত নাৰী দিৱস উপলক্ষে মহিলাক সম্বৰ্ধনা

56

আজি আন্তৰ্জাতিক নাৰী দিৱস। সমগ্ৰ দেশৰ লগতে বাক্সা জিলা তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা ফাতেমাবাদ চাহ বাগিচাত উদযাপন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস। গোৱৰ্দ্ধনা মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত নাৰী দিৱসত বন্তি প্ৰজ্বলন, পূস্পাঞ্জলী অৰ্পন আদিৰ লগতে গোৱৰ্ধনা মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী কবিতা পাঠকৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত বাঁ‌হবাৰী অঞ্চলৰ কেইবাগৰাকী জ্যেষ্ঠ মহিলাক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে মহিলা মৰ্চাৰ কৰ্মীসকলে। নাৰী দিৱসৰ সভাত সাম্প্ৰতিক সময়ত নাৰীসকলে ভূগি অহা বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰে মহিলা মৰ্চাৰ কেইবাগৰাকী কেন্দ্ৰীয় তথা মণ্ডল বিজেপিৰ নেতা-নেত্ৰীসকলে।