মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঝাউডাঙ্গাত হোলীৰ দিনাটোতে অঘটন।
বি এছ এফৰ এখন জিপছি গাড়ী দূৰ্ঘটনাত পতিত হৈ বুৰিল দ- খাৱৈত।
পানীৰ মাজত সন্ধানহীন হৈ আছে দুগৰাকী বি এছ এফৰ জোৱান।
জানিব পৰা মতে জিপছিখনত ৫ গৰাকী বি এছ এফ জোৱান আছিল।
ইয়াৰে ৩ গৰাকী বি এছ এফ জোৱান পানীৰ মাজৰ পৰা সাতুৰি পাৰলৈ উঠিবলৈ সক্ষম হৈছে যদিও বৰ্তমানলৈকে সন্ধান উলিয়াব পৰা নাই আন দুগৰাকী জোৱানৰ।
আৰক্ষী, এছ ডি আৰ এফ, বি এছ এফ আৰু স্থানীয় ৰাইজে উদ্বাৰ অভিযান অব্যাহত ৰাখিছে ।
সীমান্ত পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই কালভাৰ্টৰ দ-খাৱৈত ডুব গৈছিল জিপছি খন।
উদ্ধাৰকাৰীয়ে জিপছিখন ইতিমধ্যে উদ্ধাৰ কৰিছে।
