মানকাচৰত বনৰীয়া হাতীৰ সন্ত্ৰাস।
মানকাচৰৰ কাকৰিপাৰাৰ বৰঝোৰা গাওঁত প্ৰায় ৫০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে নিশা চলালে সন্ত্ৰাস।
নিশা হ’লেই মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা নামি আহি তাণ্ডব চলাই এটা বৃহৎ বনৰীয়া হাতীৰ জাকে বৰঝুৰা গাওঁৰ দুটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি দিয়া পৰিলক্ষিত হয়।লগতে সেইখন গাৱতে হাতিৰ জাকে সন্ত্ৰাস চলায় বিভিন্ন স্থানত গছ- গছনি উভালি পেলোৱা দেখা যায়।
উল্লেখযোগ্য যে ৫০ জনীয়া এটা বনৰীয়া হাতীৰ জাকে মেঘালয়ৰ পৰা নামি আহি বৰঝোৰা গাওঁত আতংক চলাই থকা পৰিলক্ষিত হৈছে কিন্তু স্থানীয় ৰাইজৰ অভিযোগ মতে, নিমাত হৈ আছে বন বিভাগীয় কৰ্মচাৰী।
