মানকাচৰত নিচাজাতীয় দ্ৰব্য সহ এজন ব্যক্তি আটক

321

মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত তিনিআলিত আজি পুৱা নাইট ছুপাৰ এখনত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ কৰিবলৈ সক্ষম হ্য়। এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক ছামচূল হক বেপাৰী, সহকাৰী উপ পৰিদৰ্শক আবুল কালাম আজাদ সহ আৰক্ষীৰ দল এটাই ছিলিগুৰিৰ পৰা অহা নৈশ বাছত তালাচী চলাই নিচাজাতীয় দ্ৰব্য খিনি জব্দ কৰে।
নিচাযুক্ত দ্ৰব্য খিনিৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়।

নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী জন দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ অন্তৰ্গত মোনাবাৰী আৰক্ষী চকীৰ অধীনস্থ ইছাকুৰী গাৱৰ আনাৰ হোছেইন বুলি জানিব পৰা গৈছে।

লক্ষ্যনীয় যে, ছিলিগুৰিৰ পৰা মানকাচৰ অভিমুখে আহি থকা AS 01 NC1582 নম্বৰৰ “আবিৰ ট্ৰেভেলছ”নামৰ নাইট ছুপাৰ খন মানকাচৰৰ তিনিআলিত তলাচী চলোৱাৰ সময়ত নিচাজাতীয় দ্ৰব্য সহ সৰবৰাহ কাৰী জনক আটক কৰে আৰু সম্প্ৰতি নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী যুবক জনক মানকাচৰ আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে যি পদক্ষেপ লৈছে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আৰু মূখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছৰ পৰাই অসম আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে দিনে ৰাতিয়ে অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে, মন কৰিবলগীয়া কথা হ’ল যে মানকাচৰ আৰক্ষী ড্ৰাগছৰ বিৰুদ্ধে ইমান কঠোৰ হোৱাৰ পিছতো একাংশ ড্ৰাগছ সৰবৰাহৰ কাৰীয়ে কেনেদৰে বিভিন্ন কৌশলেৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে সেয়া সচেতন মʼহলৰ মাজত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।