মাদ্ৰাছা শিক্ষা বন্ধৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হোৱাৰ হুংকাৰ AIUDFৰ

43

বিৰোধীৰ তীব্ৰ বিৰোধীতাৰ পিছতো বিধানসভাৰ শীতকালীন অধিবেশনত গৃহীত হল আছাম ৰিপিলিং বিল। ইয়াৰ লগে লগে ৰাজ্যত বন্ধ হল মাদ্ৰাছা শিক্ষা ব্যৱস্থা। শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখন উত্থাপন কৰাৰ পিছতে কংগ্ৰেছ আৰু এআইইউডিএফৰ বিধায়কসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ বিৰুদ্ধে ন্যায়ালয়ৰ দাৰস্থ হোৱাৰো হুংকাৰ দিয়ে এআইইউডিএফে।

বিৰোধীৰ এই বিৰোধিতাৰ উত্তৰত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এয়া কাৰো পক্ষে কৰা যুজঁ নহয়। পৰিসংখ্যা অনুসৰি ৮৩% শিক্ষাৰ্থীয়ে ধৰ্মীয় শিক্ষা বিপৰীতে মত পোষণ কৰিছিল বুলি মন্তব্য কৰে ডঃ শৰ্মাই। ২০২২ চনৰ পৰা মাদ্ৰাছা ব’ৰ্ডৰ পৰীক্ষা নাথাকিব বুলিও তেওঁ কয়৷ আনহাতে বিদ্যালয়সমূহত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি হ’ব৷ বৰ্তমানে কৰ্মৰত শিক্ষকসকলে বিজ্ঞান, অংক শিকাব লাগিব৷ যদি শিক্ষকসকলে শিকাব নোৱাৰে তেন্তে সেই শিক্ষকসকলক পৃথক চৰকাৰী কাৰ্যালয়ত নিয়োগ কৰা হ’ব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

নিজকে মুছলমানৰ প্ৰকৃত বন্ধু বুলি দাবী কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে মাদ্ৰাছা শিক্ষা বন্ধ কৰাৰ ফলত ইছলাম ধৰ্মী শিক্ষাৰ্থীসকল ডাক্তৰ, ইঞ্জিনীয়াৰ আদি হবলৈ সুযোগ পাব।

বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ গৈ সদনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিৰ মিছন ১০০ৰ বিপৰীতে যদি মিছন শূণ্যও হয়, আক্ষেপ নাই। বাঘবৰ, জনীয়া বিজেপিক প্ৰয়োজন নাই বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।