মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নাপায় চাকৰি: স্পষ্ট কৰিলে শিক্ষামন্ত্ৰীয়ে

124

মাদ্ৰাছা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে চাকৰি নাপায়। এই কথা স্পষ্ট কৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে। শুকুৰবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি শিক্ষামন্ত্ৰী গৰাকীয়ে স্পষ্ট কৰি দি কিয় যে কেৱল সাধাৰণ টেট উত্তীৰ্ণ প্ৰাৰ্থীহে চাকৰিৰ বাবে যোগ্য বিবেচিত হব।

উল্লেখযোগ্য যে, চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাজ্য চৰকাৰে ৭৬৭ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক অনুকম্পামূলকভাৱে নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে প্ৰাৰ্থীসকলক প্ৰদান কৰিব নিযুক্তি পত্ৰ। ৰাজ্য চৰকাৰৰ ১ লাখ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ এয়া প্ৰথম খোজ বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

আনহাতে স্নাতক পৰ্যায়ত নামভৰ্তিৰ নামত ৰাজ্যৰ একাংশ আগশাৰীৰ শিক্ষানুষ্ঠানে বৰ্ণবাদৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰায় ১১খন মহাবিদ্যালৰ বিৰুদ্ধে এই অভিযোগ। এতিয়া সেই মহাবিদ্যালয় সমূহক বৰ্ণবাদৰ আশ্ৰয় নলবলৈ নিৰ্দেশ দিছে শিক্ষামন্ত্ৰীয়ে।