ষ্টাফ ৰিপোৰ্টাৰ : লক ডাউনৰ সময়ছোৱাত আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াইছে বহু অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিয়ে। অসম গণ পৰিষদৰ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কাৰ্যকৰী সভাপতি তপন দাসৰ উদ্যোগত শনিবাৰে গুৱাহাটীৰ বৰবাৰী স্হিত মাতৃ কল্যান বৃদ্ধাবাসত থকা লোক সকলৰ মাজত খাদ্য বস্তু বিতৰণ কৰে বুলি জনাইছে বৃদ্ধাবাস খনৰ পৰিচালক হিতেশ শৰ্মাই। আনহাতে বৃদ্ধাবাস খনত উপস্থিত তেওঁলোকৰ স্বাস্থ্যৰ বুজালোৱাৰ ওপৰিও ভৱিষ্যতে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াই যাব বুলি মত প্ৰকাশ কৰিছে যুৱ নেতা জনে। এই কথা জানিবলৈ দিয়ে বৃদ্ধাবাসৰ আন এগৰাকী পৰিচালক বন্যাশ্ৰী ঠাকুৰে।
