মাতৃৰ পৰোলকপ্ৰাপ্তিৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

90

মাতৃৰ পৰোলকপ্ৰাপ্তিৰ পিছত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। আজি দিছপুৰ সমষ্টিৰ এজেপি প্ৰাৰ্থী প্ৰিন্স ফাইজুল হক, পশ্চিম গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী ৰুনা লাইলা আৰু পূব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় লুৰীণজ্যোতি গগৈয়ে।

উল্লেখ্য যে, বুধবাৰে নিশা ডিব্ৰুগড় হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছিল লুৰীণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে। মাতৃৰ বিয়োগৰ সময়ত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা লুৰীণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ আধাতে সামৰি মাতৃৰ ওচৰত উপস্থিত হৈছিল। কিন্তু মাতৃক হেৰুওৱাৰ দুখ বুকুত সামৰি থৈ তেওঁ পুনৰ এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ওলাই আহিছে আজি।

অহা ৬ এপ্ৰিলত অনুষ্ঠিত হব অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈ অন্ত পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ। তাৰ পূৰ্বে আজি ৰণাংগণত উপস্থিত হৈ লুৰিণজ্যোতি গগৈয়ে পুনৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত তৃতীয় পৰ্যায়ৰ বাবে অসম জাতীয় পৰিষদ শক্তিশালী হৈ পৰিছে বুলি মন্তব্য কৰিছে সমৰ্থক আৰু কৰ্মকৰ্তা সকলে।