পঞ্চদশ বিত্ত আয়োগে অসমৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী আৰু শক্তি উপাসনাৰ কেন্দ্ৰস্থল মা কামাখ্যা মন্দিৰলৈ আগবঢ়ালে ১,৩৭৫ কোটি টকা ৷ আয়োগে দাখিল কৰা নিজৰ প্ৰতিবেদনত মাজুলী নদীদ্বীপক চাৰিওফালৰ পৰা আৱৰি লোৱাকৈ এক নতুন পথ তথা মাথাউৰি নিৰ্মাণৰ বাবে ১,০৭৫ কোটি টকাৰ অনুমোদন জনায় ৷ লগতে মা কামাখ্যাৰ ঐতিহ্য সংৰক্ষণ তথা মন্দিৰৰ চৌহদৰ সৰ্বাত্মক বিকাশৰ কাৰণে আয়োগে ৩০০ কোটি টকা ধাৰ্য কৰিছে৷
উল্লেখ্য, মাজুলী নদীদ্বীপৰ চাৰিওফালে মথাউৰি আৰু পথৰ কাম কৰিব পৰাকৈ এক নতুন গোলকীয় বেষ্টনী গঢ় দিয়াৰ উপৰি মা কামাখ্যা মন্দিৰৰ চৌহদৰ উন্নয়নৰ বাবে অসম চৰকাৰে পঞ্চদশ বিত্ত আয়োগৰ পৰা পুঁজি বিচাৰিছিল ৷ ৰাজ্য চৰকাৰৰ এই অনুৰোধ সঁহাৰি জনাই এন কে সিঙৰ অধ্যক্ষতাত গঠিত পঞ্চদশ বিত্ত আয়োগে উক্ত পুঁজি আগবঢ়োৱাৰ অনুমোদন দিয়ে।