মাজুলীত ২৫ বছৰে চিকিৎসা প্ৰদান কৰি অহা ভুৱা চিকিৎসকক অৱশেষত গ্ৰেপ্তাৰ

61

২৫ বছৰ ধৰি কোনো অনুজ্ঞাপত্ৰ অবিহনেই চিকিৎসা প্ৰদান কৰি অহা ভুৱা চিকিৎসকক এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে মাজুলীত। মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত লখিমী গাঁৱত বিগত ২৫ বছৰ ধৰি অনুজ্ঞাপত্ৰহীন ভাৱে চিকিৎসা প্ৰদান কৰি অহা উত্তম কুশ্ববাহা নামৰ ভুৱা চিকিৎসকজনক অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে, ধৃত ভুুৱা চিকিৎসকজনৰ ঘৰ উত্তৰ প্ৰদেশত।

উল্লেখ্য যে, বিগত কিছু দিনত অবৈধ ড্ৰাগছ-মদৰ ব্যৱসায় তথা ভুৱা চিকিৎসকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ আৰক্ষী। ইয়াৰ পূৰ্বে মহানগৰীত আৰু সৰ্থেবাৰীতো এজনকৈ ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে।