মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

76

আজি মাজুলীত উপস্থিত হৈছেহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মাজুলীৰ শেহতীয়া কোৰোনা পৰিস্থিতিৰ বুজ ল’বৰ বাবে উপস্থিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। মাজুলীৰ ৩ খন সত্ৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰাৰ পিছতে তেওঁ মাজুলী জিলা বিজেপিৰ কায্যকৰ্তা সকলৰ সৈতে মত-বিনিময় কৰে।

তাৰ পিছতেই মাজুলী জিলা প্ৰশাসনৰ মূৰব্বী সকলৰ সৈতে জিলাখনৰ কোৰোনা সন্দৰ্ভত শেহতীয়া পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ পিছত প্ৰথমবাৰলৈ আজি মাজুলী ভ্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই।