মাজুলীত খহিছে গৰা, টোপনি হৰিছে দুচকুৰ পৰা…

136

বাৰিষা নামিছে! বাৰিষাৰ বৰষুণজাকৰ লগে লগে এতিয়া আতংকই বিৰাজ কৰিছে মাজুলীৰ নৈপৰীয়া লোকসকলৰ মাজত। বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ শালমৰাত প্ৰতিদিনে কালৰূপ ধাৰণ কৰিছে গৰা খহনীয়াই।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নৈপৰীয়া লোকসকলৰ নিদ্ৰা হৰণ কৰিছে। ইফালে এনে গৰাখহনীয়াৰ স্থায়ী সমাধান চৰকাৰে আজিলৈকে কৰিবলৈ সক্ষম নহ’ল বুলিও ক্ষোভ উজাৰিছে স্থানীয় বাসিন্দা আৰু বিভিন্ন দল-সংগঠনে। উল্লেখ্য যে, মাজুলী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা কলেও বাস্তৱত এতিয়াও বিভিন্ন অঞ্চলত এই প্ৰতিশ্ৰুতি কেৱল ভেকোভাওনা হৈ পৰাহে দেখা গৈছে।