মাছ মৰাৰ চলেৰে পুখুৰীৰ পাৰলৈ নি যৌন নিৰ্যাতনৰ চেষ্টা শিশুক

78

ৰাজ্যত পুনৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা। পুনৰ পাষণ্ডৰ হাতত যৌন নিৰ্যাতনৰ বলি কণমাণি শিশু। এই ঘটনা সংঘটিত হৈছে বাক্সা জিলাৰ মুছলপুৰত।

জানিব পৰা মতে, ব্ৰজেন কলিতা নামৰ সম্বন্ধীয় খুৰাকে ৯ বছৰীয়া শিশুটিক মাছ মৰাৰ চলেৰে ঘৰৰ কাষৰে পুখুৰীৰ পাৰলৈ লৈ যায় আৰু পুখুৰীৰ পাৰতেই শিশুটিৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা চলায় লম্পট ব্ৰজেন কলিতাই।

পিছত শিশুটিয়ে চিঞৰ বাখৰ কৰাত পৰিয়ালৰ লোক তথা ওচৰ চুবুৰীয়া পুখুৰীৰ পাৰত উপস্থিত হোৱাত লম্পট ব্ৰজেন কলিতাই পলায়নৰ চেষ্টা চলায় যদিও ৰাইজে পাষণ্ডজনক কৰায়ত্ব কৰি মুছলপুৰ আৰক্ষীক চমজাই দিয়ে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।