গুৱাহাটী: মহানগৰীৰৰজপথত শ্ৰমিকক মহতিয়াই নিয়া ৰাজকণ্যা বৰুৱাক লৈ ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই এইবাৰ হিট এণ্ড ৰাণ কাণ্ড মাকুমত সংঘটিত কৰিছে আন এগৰাকী সুৰাসক্ত মহিলা চালকে। বৃহস্পতিবাৰে নৱমীৰ নিশা এগৰাকী সুৰাসক্ত মহিলাই তিনিচুকীয়াৰ মাকুমত আন এখন গাড়ীত খুন্দা মাৰে।
বাতৰি অনুসৰি, অভিযুক্ত মহিলা চালকগৰাকীয়ে নিজকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ভগ্নী বুলি চিনাকি দি আনখন বাহনৰ চালকজনক ভাবুকি প্ৰদান কৰে আৰু ঘটনাস্থলীৰ পৰা পলায়ন কৰে। জানিব পৰা মতে, দুৰ্লভ গোহাঁই নামৰ ভুক্তভোগী চালকজনে নিচাগ্ৰস্ত মহিলাগৰাকীৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও অভিযুক্ত মহিলাগৰাকীৰ সন্ধান উলিয়াব পৰা নাই।