ষ্টাফৰিপৰ্টাৰ, ১৫ জুন: বৰাক -ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত সিঁচৰিত হৈ থকা মাইমাল জনগোষ্ঠীৰ লোকগণনা মাইমাল উন্নয়ন সমিতি, অসমৰ জৰিয়তে কৰাৰ সোমবাৰে প্ৰস্তাৱ
গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কে সমিতিৰ সভাপতি সোণাৰুল শ্বাহ মুস্তাফাই কয় ” ৰাজ্যৰ মাইমাল জনগোষ্ঠীৰ অন্তৰ্ভুক্ত শ্বেখ-কিৰান, মুছলমান মাছমৰীয়া সাম্প্ৰদায়ক আমাৰ সদস্য ভৰ্ত্তি হোৱা বাবে আহ্বান জনালোঁ।”