মাইক্ৰ’ ফাইনেন্সৰ ঋন মাফক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদ

109

পৱন নীল কাশ্যপ, চাংসাৰিঃ নিৰ্বাচনৰ পূৰ্বে তেওঁ মহিলাসকলক প্ৰতিশ্ৰুতি দিছিল যে ৰাজ্যত পুনৰ বিজেপিৰ চৰকাৰ আহিলে ৰেহাই দিয়া হব মহিলাসকলৰ ক্ষুদ্ৰ ঋণ। নিৰ্বাচনী ফলাফলত এই প্ৰতিশ্ৰুতিতে ভোল গৈ হাজাৰ হাজাৰ ঋণগ্ৰস্ত মহিলাই পুনৰ বিজেপিক শাসনত বহুৱাইছিল। কিন্তু নতুন চৰকাৰৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে এতিয়া নিজৰ প্ৰতিশ্ৰুতিৰ পৰা লুটিবাগৰ মাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই অভিযোগ এতিয়া মহিলাসকলৰ।

দৰাচলতে বন্ধন, উজ্জীৱনকে ধৰি মাইক্ৰ’ ফাইনেন্স কোম্পানী সমূহৰ পৰা লোৱা ঋণ পৰিশোধৰ ক্ষেত্ৰত নতুন চৰকাৰে কেতবোৰ নীতি নিয়ম বান্ধি দিছে। চৰকাৰী নীতি অনুসৰি দুটাতকৈ অধিক ঋণ থাকিলে চৰকাৰে পৰিশোধ নকৰে। সেইদৰে এক লাখ টকা বাৰ্ষিক আয়তকৈ অধিক পৰিয়ালৰ অথবা গাড়ী মটৰেৰে স্বচ্ছল জীৱন যাপন কৰা পৰিয়ালৰ ঋণ চৰকাৰে মাফ নকৰে বুলিও ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে।

তাৰ পিছতে এতিয়া ৰাজ্যজুৰি ৰাজপথত নামিছে ঋণগ্ৰস্ত মহিলাসকল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঋণ মাফৰ দাবীত কমলপুৰ সমষ্টিৰ দালাং বিষ্ণু মন্দিৰতো প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ মহিলাই। ঋণ ৰেহাইৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কৰযোৰে অনুৰোধ জনাই মহিলাসকলে কয় যে খেতিয়ক, দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালৰ সকলৰ প্ৰতি চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি চকুমেলি চোৱা উচিত।