মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতিক লৈ মুখ্যমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাৰ

60

নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাই দিয়া হব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে ঋণ ৰেহাইৰ বিষয়ত বহুকেইটা চৰ্ত বান্ধি দিয়াত এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঋণগ্ৰস্ত মহিলাসকলে। তাৰ মাজতে আজি মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰত ঋণ ৰেহাইৰ বাবে দিয়া প্ৰতিশ্ৰুতি কেৱল এক নিৰ্বাচনী চমকহে আছিল বুলি সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই।

হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ নিৰ্বাচনৰ পূূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ পৰিৱৰ্তে ‘সেয়া ৰাজনৈতিক বিবৃতিহে আছিল, চৰকাৰী বিবৃতি নহয়’ বুলি কৰা মন্তব্যকো তীব্ৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ বিধানসভাত দিয়া ভাষণত হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ ঋণ ৰেহাই দিয়া হব বুলি দোহাৰিছিল। তেন্তে সেয়া এতিয়া কেনেকৈ এক ৰাজনৈতিক বিবৃতিহে হল বুলিও প্ৰশ্ন কৰে ববিতা শৰ্মাই।

উল্লেখ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কৰা মাইক্ৰ’ ফাইনেন্সৰ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতিয়ে বিজেপি চৰকাৰ গঠন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পৰিলক্ষিত হৈছিল। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতিতে ভোল গৈ ঋণগ্ৰস্ত মহিলাসকলে বিজেপিক জয়যুক্ত কৰাবলৈ উঠিপৰি লাগিছিল সেই সময়ত।