মাংসৰ দোকানত হাজিৰা কৰি পৰিয়াল পোহপাল দিছে ৰাজ্যিক খেলুৱৈ দ্বিজেন বৰ্মনে

79

আইদুল হুছেইন, নলবাৰীঃ দ্বিজেন বৰ্মন অসমৰ ক্ৰীড়া জগতৰ এক চিনাকী নাম। দ্বিজেন বৰ্মন হ’ল নলবাৰী জিলাৰ ৬১নং ধৰ্মপুৰ বিধানসভা সমষ্টিৰ পশ্চিম চামতা গাঁৱৰ নিবাসী ৰাজ্যিক ফুটবল খেলুৱৈ। অসমলৈ সুনাম কঢ়িয়াই অনা পশ্চিম চামতাৰ শালৈপাৰা চুবুৰীৰ এইগৰাকী ৰাজ্যিক পৰ্যায়ৰ দূৰ্দান্ত খেলুৱৈয়ে বৰ্তমান মাংসৰ দোকানত হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটো পোহপাল দিবলগীয়া হৈছে।

পশ্চিম চামতা হাইস্কুলত পঢ়ি থকা অৱস্থাত পঞ্চম শ্ৰেণীৰ পৰাই ফুটবল খেলৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰে দ্বিজেন বৰ্মনে। প্ৰায় ৪৪ বছৰীয়া দ্বিজেন বৰ্মনে ১৯৮৮ চনত বিহাৰৰ ধানবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় চাব জুনিয়ৰ ফুটবল প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰে।১৯৮৮ চনত ডিফুত অনুষ্ঠিত দেউকন ফুটবল প্ৰতিযোগিতাত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰে তেওঁ। ১৯৯২ চনত মহাৰাষ্ট্ৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় স্কুল গেমছ চেম্পিয়নশ্বিপটো অসম দলক প্ৰতিনিধিত্ব কৰে। ১৯৯৩ চনত মানিক শৰ্মা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত অসম পুলিচ দলৰ হৈ খেলিছিল দ্বিজেন বৰ্মনে। দ্বিজেন বৰ্মনৰ পুত্ৰ নয়ন বৰ্মনেও ২০১৬ চনত মৰিয়নীত অনুষ্ঠিত আন্ত: জিলা ফুটবল প্ৰতিযোগিতাত নলবাৰী জিলাক প্ৰতিনিধিত্ব কৰি সুনাম অৰ্জন কৰে। এইগৰাকী ৰাজ্যিক খেলুৱৈয়ে চৰকাৰৰ পৰা সা-সুবিধা পোৱা উচিত বুলি অঞ্চলটোৰ সচেতন মহলে মত প্ৰকাশ কৰে।