মহিলা আই.পি.এচ ইন্দ্ৰাণী বৰুৱাসহ অসম আৰক্ষীৰ ৩৫ আৰক্ষী বিষয়া-জোৱানলৈ কৃতিত্বপূৰ্ণ সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক

107

গুৱাহাটী:- কৃতিত্বপূৰ্ণ সেৱা আৰু নিষ্ঠাৰে বিভাগত কাম কৰি অহাৰ বাবে এইবেলি স্বাধীনতা দিৱসত চতুৰ্থ অসম আৰক্ষীৰ বাহিনীৰ কামাণ্ডেণ্ট ইন্দ্ৰাণী বৰুৱাসহ (আই.পি.এচ) অসম-আৰক্ষীৰ বিভিন্ন শাখাত কাম কৰি থকা ৩৫ জন আৰক্ষী বিষয়া-জোৱানলৈ মুখ্যমন্ত্ৰী আৰক্ষী পদকৰ বাবে বাচনি কৰা হৈছে।

আজি ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এক জাননী যোগে প্ৰেৰণ কৰা মুখ্যমন্ত্ৰী আৰক্ষী পদকৰ বাবে বাচনি হোৱা আৰক্ষী বিষয়া-জোৱানসকল ক্ৰমে- ইন্দ্ৰাণী বৰুৱা (আই.পি.এছ), অমৰজিৎ কৌৰ (আই.পি.এছ), আনন্দ মিশ্ৰ (আই.পি.এছ), সুভাষিনী শংকৰন (আই.পি.এছ), স্বেবান্তক মিশ্ৰ (আই.পি.এছ), অসম আৰক্ষী সেৱাৰ বিষয়াসকল (এ.পি.এছ) হল ক্ৰমে- মহেশচান্দ শৰ্মা, ৰিপুল দাস, ডম্বৰুধৰ দাস, ৰণজিৎ দুৱাৰা, ৰিপুঞ্জয় কাকতি, বিতুল চেতিয়া, ময়দুল ইছলাম, জোন দাস, হিমাংশু দাস আৰু মৃণ্ময় দাস।

তেনেদৰে পৰিদৰ্শদ্বয় অসীম বৰা আৰু অনিল দাস, উপ-পৰিদৰ্শক ক্ৰমে- ৰাজু বাহাদুৰ চেত্ৰী, নিপু কলিতা, পুলক বৰ্মন, অবিনাশ মেধী আৰু ঋতুপৰ্ণ সোণোৱাল, সহকাৰী পৰিদৰ্শক অৰুণ কুমাৰ নাথ, হাবিলদাৰ সুদৰ্শন দাস আৰু কনিষ্টবল ক্ৰমে- প্ৰকাশ বসুমতাৰী, ৰাকেশ কুমাৰ সিং, ইনু দেৱী, বিশ্বজিৎ ফটোৱালী আৰু তন্ময় নাথ।

আনহাতে অগ্নি আৰু আপদকালীন সেৱাৰ ছয়গৰাকী বিষয়া-জোৱান হ’ল ক্ৰমে- জ্যেষ্ঠ আস্থান বিষয়া তৰুণ চন্দ্ৰ দিহিংগীয়া, এছ.ডি.আৰ.এফৰ দিলীপ ওৰাং, পংকজ শুভা, পৰাগ বৰা, দেৱীদন চুতীয়া আৰু অমিত চৌধুৰী। উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসম আৰক্ষীৰ পাঁচজন বিষয়া-জোৱান কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আৰক্ষীৰ পদকৰ বাবে বাচনি হৈছিল।