মহাৰাষ্ট্ৰৰ ৰায়গড়ত অট্টালিকা ভাগি পৰি ২ জনৰ মৃত্যু, ১৮ জন আৱদ্ধ

58

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰায়গড়ত সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫০ বজাত ভাগি পৰা এটা অট্টালিকাৰ ধ্বংসস্তূপৰ মাজৰ পৰা ২জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে। ইফালে ধ্বংসস্তূপৰ মাজত এতিয়াও ১৮ জনতকৈ অধিক লোক আৱদ্ধ হৈ থকা বুলি জানিবলৈ দিছে ৰায়গড় জিলা প্ৰশাসনে।

উল্লেখ্য যে, সোমবাৰে সন্ধিয়া প্ৰায় ৬.৫০ বজাত ৰায়গড়ৰ কাজলপুৰা অঞ্চলত এটা অট্টালিকা ভাগি পৰিছিল। সন্ধিয়া সংঘটিত এই দুৰ্ঘটনাত আৱদ্ধ হৈ পৰিছিল প্ৰায় ৫০ জন লোক। পিছত ঘটনাস্থলীত এনডিআৰএফৰ তিনিটা দল উপস্থিত হৈ উদ্ধাৰ আৰম্ভ কৰে। এই অভিযানতে ২ জনৰ মৃতদেহ উদ্ধাৰ হয়। বৰ্তমানেও ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰখা হৈছে।

ৰায়গড়ৰ এই দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে। টুইটযোগে এই দুৰ্ঘটনা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি আহত সকলৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে।