মহাৰাষ্ট্ৰৰ সমুদ্ৰতীৰত উদ্ধাৰ অস্ত্ৰভৰ্তি নাও…

79

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ সমুদ্ৰতীৰত দুখন নাওৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। সমান্তৰালভাৱে মহাৰাষ্ট্ৰত সন্ত্ৰাসবাদীয়ে কূটাঘাত সৃষ্টিৰ ষড়যন্ত্ৰ কৰাৰ সন্দেহো কৰা হৈছে।

জনিব পৰা মতে, বৃহস্পতিবাৰে ৰায়গড়ৰ হৰিহৰেশ্বৰ ঘাটত বৃহস্পতিবাৰে এখন যাত্ৰীবিহীন নাও উদ্ধাৰ কৰে ক’ষ্ট গাৰ্ড আৰু স্থানীয় আৰক্ষীয়ে। নাওখনৰ তালাচীৰ সময়ত তিনিটা একে-৪৭ ৰাইফলৰ লগতে বহু পৰিমাণৰ কাৰ্টিজ আৰু কিছু নথি উদ্ধাৰ হয়।

ইফালে বৰাডখোল অঞ্চলতো সাগৰ তীৰত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় এখন লাইফবোট। যাত্ৰীবিহীন ভাৱে এনেদৰে অস্ত্ৰভৰ্তি নাও উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত এক বিশেষ সতৰ্কবাণী জাৰি কৰি তদন্ত আৰম্ভ কৰিছে।

সমগ্ৰ ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে কয়, “এতিয়াও নাওসমূহৰ সৈতে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কোনো সম্পৰ্ক উদ্ধাৰ হোৱা নাই। কিন্তু আমি কোনো সম্ভাৱনাক নুই কৰা নাই। আৰক্ষীক সজাগ হ’বলৈ কোৱা হৈছে।”