মুম্বাইঃ চিবিআইয়ে দাখিল কৰা দুৰ্নীতিৰ গোচৰত সোমবাৰে মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক জামিন মঞ্জুৰ কৰে বোম্বে উচ্চ ন্যায়ালয়ে।
চিবিআইয়ে উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি কোৱাত ১০ দিনৰ বাবে এই নিৰ্দেশ স্থগিত ৰখা হয়।
দেশমুখক ২০২১ চনৰ নৱেম্বৰ মাহত ইডি আৰু পিছত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল।
অক্টোবৰ মাহত ইডি গোচৰত জামিন লাভ কৰিছিল।