মহাৰাষ্ট্ৰত ৫টা পৰ্যায়ত আনলক প্ৰক্ৰিয়া আৰম্ভ, বন্ধ থাকিব মুম্বাইৰ লোকেল ট্ৰেইন সেৱা

74

বিগত কিছু দিনত মহাৰাষ্ট্ৰত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। সেইদৰে ৰাজ্যখনত মৃত্যুৰ হাৰো পূৰ্বৰ এটা মাহৰ তুলনাত বহুখিনি হ্ৰাস পাইছে। তেনে পৰিপ্ৰেক্ষিততে এতিয়া ৰাজ্যখনত পৰ্যায়ক্ৰমে আনলক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছে উদ্ধৱ থাকৰে চৰকাৰে।

৫ টা পৰ্যায়ত চলিবলগীয়া আনলক প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ত মায়ানগৰী মুম্বাইকে ধৰি ৰাজ্যখনৰ অইন অইন চহৰত কিছু কিছু বিপণী তথা হোটেল-ৰেষ্টুৰেণ্টসমূহ নীতি নিয়ম বান্ধি দি খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে মুম্বাইৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হিচাপে পৰিচিত লোকেল ট্ৰেইনৰ চলাচল বৰ্তমান বন্ধ থাকিব বুলি জানিব পৰা গৈছে।

সেইদৰে দ্বিতীয় পৰ্যায়ৰ আনলক প্ৰক্ৰিয়াত প্ৰথম পৰ্যায়তকৈ নীতি নিয়ম কিছু শিথিল কৰা হব। কোভিড সংক্ৰমণ পুনৰ ভয়াবহ হৈ নুঠিলে পঞ্চম পৰ্যায়ৰ আনলক প্ৰক্ৰিয়াৰ অন্তত ৰাজ্যখনত সম্পূৰ্ণৰূপে স্বাভাৱিক জনজীৱন ঘূৰি আহিব বুলি মন্তব্য কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে।