মহাৰাষ্ট্ৰত প্ৰথমে কোনে কোনে লাভ কৰিব কোৰোনাৰ ভেকচিন

68

ডিজিটেল ডেস্ক: বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা কোভিড-১৯ৰ প্ৰতিষেধক এতিয়া সম্ভৱ হৈছে। অন্য ৰাষ্ট্ৰৰ লগতে ভাৰতেও এই ভেকচিনৰ টিকাকৰণ সন্দৰ্ভত নিশ্চিত হৈছে। এনে পৰিপ্ৰেক্ষিতত কেন্দ্রীয় চৰকাৰৰ অনুমতি লাভ কৰিলে ডিচেম্বৰৰ শেষৰ ভালে তিনি কোটি লোকক কোৰোনাৰ ভেকচিন প্ৰদান কৰাৰ কথা সদৰী কৰিছে মহাৰাষ্ট্ৰ চৰকাৰে। ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰী ৰাজেশ টোপে বৃহস্পতিবাৰে এক সংবাদমেলত এই কথা সদৰী কৰে।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে জনায় যে প্ৰথমাৱস্থাত চিকিৎসা কৰ্মী আৰু ৫০ বছৰৰ উৰ্দ্ধৰ নাগৰিকক প্ৰদান কৰা হব কোভিড-১৯ প্ৰতিষেধক। ৰাজেশ টোপে সমগ্ৰ দেশবাসীক বিনামূলীয়াকৈ কোৰোনা ভেকচিন দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আহ্বান জনায়।