পৱন নীল কাশ্যপৰ প্ৰতিবেদনঃ গুৱাহাটীৰ ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চতুৰ্থ দীক্ষান্ত সমাৰোহ মঙলবাৰে সম্পন্ন হৈ যায়। এই উপলক্ষ্যে বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানৰ সভাপতিত্ব কৰে বিশ্ববিদ্যালয়ৰ আচাৰ্য কমলা কান্ত গগৈয়ে। মুখ্য অতিথি ৰূপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে সন্মানীয় অতিথি ৰূপে বিশ্ববিদ্যালয় অনুদান আয়োগৰ সদস্য ড০ কিৰণ হাজৰিকা উপস্থিত থাকে।
বিশ্ববিদ্যালয়ৰ সভাত বিশ্ববিদ্যালয়ৰ প্ৰাক্তন আচাৰ্য ভৱেন্দ্ৰ নাথ ডেকা, উপাচাৰ্য মাননীয় ড০ হিতেশ ডেকা, পঞ্জীয়ক ড০ মৃণাল কুমাৰ বৰা, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰধান সম্পাদক বাবুল বৰাৰ লগতে ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকে।
আজিৰ এই দীক্ষান্ত সমাৰোহত বিশ্ববিদ্যালয়ৰ ১৩ গৰাকী শিক্ষাৰ্থীক PhD, ২৩গৰাকীক M. PHIL আৰু ৩৫৭ গৰাকীক স্নাতকোত্তৰ ডিগ্ৰী আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়।