ষ্টাফৰিপৰ্টাৰ, ১১ জুন:: ৰূপালী পথত গণ সংক্ৰমণৰ আশংকা কৰা হৈছে মহানগৰীৰ ৰূপনগৰ ৰূপালী পথত। কভিড পজিটিভ পোৱা গৈছে ১১ মহীয়া এটি শিশুক।
গৃহ নং ১৪ (এ) ত আশ্রয় লৈ আছিল ৰাজস্থানৰ পৰা অহা এগৰাকী মহিলা আৰু তেওঁৰ ১১ মহীয়া কণমানিটো।
স্থানীয় লোকৰ মতে ঘৰটোৰ মালিকনী কালি লাচিত নগৰস্থিত হনুমান মন্দিৰলৈ গৈছিল।মন্দিৰটো চোৱা চিতা কৰিছিল তেওঁলোকে। তেওঁৰ এগৰাকী ছোৱালীয়ে ঘৰতে বহু কেইগৰাকী ছাত্র ছাত্রীক টিউচন কৰিছিল।
তেওঁৰ ঘৰত আলহী হিচাপে থকা সম্পর্কীয় গৰাকীৰ ১১ মহীয়া শিশুটো কভিড পজিটিভ পোৱাৰ আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। কন্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে সমগ্র ৰূপালী পথক। উল্লেখ ৰাজ্যত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৩৪৩০ লৈ বৃদ্ধি পাইছে।