মহানগৰীৰ হোটেলৰ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, সন্ধানহীন স্বামী…

262

গুৱাহাটীঃ হোটেলৰ কোঠাৰ ভিতৰত তেজৰ তুমুৰলি অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই বুধবাৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে মহানগৰীৰ ফাঁচী বজাৰত?

হোটেলখনৰ এটা তলাবন্ধ কোঠাৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ হয় তাজনিমা খাতুম নামৰ মহিলাগৰাকীক।

হোটেল কৰ্তৃপক্ষৰ মতে, ১৪ জানুৱাৰীৰ পৰা মৃত মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে কোঠাটোত থাকিবলৈ লৈছিল।

এই ঘটনা পোহৰলৈ আহে যেতিয়া হোটেল কৰ্তৃপক্ষই মঙলবাৰৰ পৰা হোটেলৰ কোঠাত কোনো তথ্য নোহোৱাকৈ তলাবন্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে। লগে লগে আৰক্ষীক সতৰ্ক কৰি দিয়ে আৰু ইয়াৰ পিছতে মৃতদেহটো উদ্ধাৰ কৰে।

অৱশ্যে এই ঘটনাৰ পিছতে স্বামীৰ কোনো সন্ধানহীন হৈ পৰে।

ইতিমধ্যে ফৰেনছিক বিশেষজ্ঞৰ এটা দলে সাক্ষ্য সংগ্ৰহৰ বাবে সেই স্থানত উপস্থিত হৈছে আৰু তদন্ত চলি আছিল।

পত্নীক হত্যা কৰি স্বামী পলায়ন কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।