মহানগৰীৰ সাতগাঁৱত বন্যহস্তীৰ আতংক

61

গুৱাহাটীঃ মহানগৰীৰ সাতগাঁৱৰ সেনা শিৱিৰৰ সমীপত দিন দুপৰতে বন্যহস্তীয়ে চলালে সন্ত্ৰাস। সেনা শিৱিৰৰ সমীপতে থকা বজাৰত এটা বনৰীয়া হাতীয়ে দিন দুপৰতে মুক্তভাৱে বিচৰণ কৰা প্ৰত্যক্ষ হোৱাৰ পিছতে অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত হাতীটো ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে। বন্য হস্তীটোৱে বজাৰখনৰ কেইবাখনো দোকানৰ ফল-মূল আৰু চাউল-দাইল আদি খাই তহিলং কৰে। পিছত বন বিভাগ আৰু স্থানীয় ৰাইজে মিলি ফটকা ফুটাই হাতীটো পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়।