মহানগৰীৰ বৰবৰীত ভূমি স্খলনত নিহত এজন

78

গুৱাহাটীঃ মহানগৰীৰৰ বৰবাৰীৰ মিলন নগৰত ভূমি স্খলনৰ ফলত শুকুৰবাৰে এজন লোকৰ মৃত্যু ঘটে। জানিব পৰা মতে, মিলন নগৰত পাহাৰৰ মাটি খান্দি থকা অৱস্থাত ওপৰৰ পৰা মাটি আৰু গছৰ টুকুৰা বাগৰি অহাৰ ফলত শ্ৰমিকজনৰ মৃত্যু ঘটে। নিহত শ্ৰমিক জন সাতগাঁও নোৱালপাৰৰ নিৱাসী হাবেজ আলী বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মিলন নগৰৰ সঞ্জীৱ সিনহা নামৰ লোকজনে নিজৰ ঘৰৰ পাছফালে পাহাৰ কটাৰ কামত নিয়োগ কৰিছিল তিনিজন শ্ৰমিকক। ইফালে নিশা দিয়া ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি ঢিলা হৈ থকাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি সন্দেহ কৰা হৈছে। এই দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে আন দুজনৰ শ্ৰমিকৰ।

পিছত স্থানীয় ৰাইজে মৃত শ্ৰমিকজনৰ মৃতদেহ উদ্ধাৰ কৰি দিছপুৰ আৰক্ষীক চমজাই দিয়ে। আৰক্ষীয়ে মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।