মহানগৰীৰ তাৰা হীৰা কমপ্লেক্স হত্যাকাণ্ডৰ নতুন মোৰ…

81

নতুন মোৰ লাভ কৰিছে মহানগৰীৰ তাৰা হীৰা কমপ্লেক্স হত্যাকাণ্ডই। জানিব পৰা মতে, হত্যাকাণ্ডৰ অভিযুক্ত জিন্টু হাজৰিকাৰ ভাষ্য বাৰম্বাৰ সলনি হৈছে। যাৰ বাবে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সমগ্ৰ কাণ্ড।

উল্লেখ্য যে, মহানগৰীৰ তাৰা হীৰা কমপ্লেক্সৰ স্বত্বাধিকাৰী অনু হাজৰিকাৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে অনু হাজৰিকাৰ পৰিচাৰক জিন্টু হাজৰিকাক।

শেহতীয়াকৈ জিন্টু হাজৰিকাই আৰক্ষীৰ সন্মুখত দিয়া ভাষ্য অনুসৰি, হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা অৰ্থাৎ সোমবাৰে পুৱা প্ৰায় ১১ বজাত তেওঁলৈ ফোন কৰিছিল অনু হাজৰিকাৰ হিচাপ পৰীক্ষক অক্ষয়ে।

সেই সময়ত অক্ষয়ে জিন্টুক অনু হাজৰিকাৰ কোঠাত অকলে সোমাবলৈ মানা প্ৰদান কৰা বুলি জিন্টু হাজৰিকাই আৰক্ষীৰ সন্মুখত ভাষ্য প্ৰদান কৰিছে।

উল্লেখ্য যে, কোভিড পৰিস্থিতিৰ বাবে অনু হাজৰিকাই কেইবালাখ টকা ঘৰতে জমা কৰি ৰাখিছিল।

এনে পৰিপ্ৰেক্ষিতত টকাৰ বাবেই অনু হাজৰিকাক হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ গাড়ী চালক প্ৰাণজিত শর্মাকো সোধা পোছা কৰিছে। ইফালে অক্ষয়কো আৰক্ষীয়ে সোধা পোছা চলাইছে।

এই নৃশংস হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ ক্ষীপ্ৰ গতিত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।