মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত চেণ্ট্ৰেল মলত সোমবাৰে পুৱাই সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই অঞ্চলটোত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে।
জানিব পৰা মতে, চেণ্ট্ৰেল মলৰ প্ৰথম মহলাত সূত্ৰপাত হোৱা অগ্নিকাণ্ডই নিমিষতে গোটেই মলটো আৱৰি ধৰে। ক’লা ধোঁৱাই ছানি ধৰে আকাশ। অৱশ্যে ঘটনাস্থলীত ততাতৈয়াকৈ কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰাৰ পূৰ্বেই অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভূত হোৱাৰ আশংকা কৰা হৈছে। অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ বিষয়ে জানিব পৰা হোৱা নাই।
গুৱাহাটীৰ মাজমজিয়াত থকা চেণ্ট্ৰেল মলত কিদৰে অগ্নিকাণ্ড সংঘটিত হ’ল, তাৰ স্পষ্ট কাৰণ এতিয়াও ৰহস্য হৈয়ে আছে।