মহানগৰীৰ চানমাৰিত অমানৱীয় ঘটনা। পুত্ৰৰ আতিশয্যৰ বলি হল এগৰাকী মাতৃ। পুত্ৰ নিৰ্বাণ গোস্বামীৰ অকথ্য নিৰ্যাতনৰ বলি মাতৃ মালিনী গোস্বামী। চানমাৰিৰ ৰেড ক্ৰছ পথৰ হাউছ নং ৪৯ত সংঘটিত হৈছে এই ঘটনা। পুত্ৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি মহিলা আয়োগলৈ মাতৃয়ে পঠালে মেছেজ। ইতিমধ্যেই নিৰ্বাণ গোস্বামীক আটক কৰি ৰখা হৈছে চানমাৰি থানাত ।