মহানগৰীৰ গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ

83

মহানগৰীৰ গাড়ীগাঁও ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত বিকি আলীক গ্ৰেপ্তাৰ।

দামপুৰ পাহাৰত আত্মগোপন কৰি আছিল বিকি আলীয়ে৷

কামৰূপ মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিকি আলীক৷

বিকি আলী নামৰ যুৱকজনে ফুচুলাই লৈ গৈছিল দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীক৷

৫ যুৱকে মিলি দলবদ্ধভাৱে কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল৷

তাৰ পাচত পুনৰ এখন হোটেললৈ নি পাঁচ বন্ধুৰ সৈতে মিলি কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল৷

কেৱল ধৰ্ষণ কৰাই নহয়, সমস্ত ঘটনাৰ ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত আপলোড দিছিল৷

দলবদ্ধ ধৰ্ষণৰ ৫ অভিযুক্তৰ ৭ জনকৈ আত্মীয়-বন্ধুক সোমবাৰে পাণবজাৰ মহিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

বৰ্তমানেও পলাতক হৈ আছে বাকী চাৰি অভিযুক্ত ফইজুল আলী, পিংকু আলী, পোনা আলী আৰু ৰাজা আলী৷