মহানগৰীৰ খাৰঘূলীত অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু

85

মহানগৰীৰ খাৰঘূলীত বুধবাৰে পুৱা সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিলে এগৰাকী বৃদ্ধাই। জানিব পৰা মতে, পুৱা শীতৰ পৰা উপশম পাবলৈ বৃদ্ধা গৰাকীয়ে জুইৰ কাষত বহি থকা সময়তে জুইৰ ফিৰিঙতিয়ে অগ্নিকাণ্ডৰ সৃষ্টি কৰে। যাৰ ফলত নিমিষতে ছাই হৈ পৰে বৃদ্ধাগৰাকীৰ ঘৰটো।

আনহাতে এই অগ্নিকাণ্ডত ৮৭ বছৰীয়া বৃদ্ধা গৰাকীও অগ্নিদগ্ধ হয়। বৃদ্ধাগৰাকীক পিছত হাস্পতাললৈ নিয়াৰ সময়তে মৃত্যু ঘটে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিদগ্ধ হৈ মৃত্যু ঘটা বৃদ্ধাগৰাকীৰ নাম ধনমায়া বিশ্বকৰ্মা বুলি জানিব পৰা গৈছে।