মহানগৰীত লোমহৰ্ষক কাণ্ড: আৰ্থিক দীনতাৰ বাবেই পত্নী-পুত্ৰৰ ডিঙি ৰেপি আত্মহত্যা এজন ব্যক্তিৰ

81

গুৱাহাটী মহানগৰীত সংঘটিত এক লোমহৰ্ষক ঘটনাই সৃষ্টি কৈছে তীব্ৰ চাঞ্চল্যৰ। আৰ্থিক অনাটনৰ বাবেই মহানগৰীত পত্নী আৰু পুত্ৰৰ ডিঙি কাটি নিজেও আত্মহত্যা কৰে এজন লোকে। মহানগৰীৰ সাতগাওঁ থানাৰ নিচেই সমীপত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে এজন হোমিও ফাৰ্মাচীৰ স্বত্বাধিকাৰীয়ে আৰ্থিক দৈন্যতাৰ সৈতে যুঁজি অৱশেষত আজি পত্নী আৰু নিজৰ ছয়বছৰীয়া সন্তানটিৰ ডিঙিত চোকা অস্ত্ৰৰে আঘাত কৰে। এই ঘটনাত শিশুটিৰ মৃত্যু ঘটে।তাৰ পিছত নিজেও আত্মহত্যাৰ পথ বাছি লয় ব্যক্তিজনে। ইফালে গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমান ভৰ্তি কৰোৱা হৈছে।

ঘটনাস্থলীত সাতগাওঁ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে।