মহানগৰীত মন্দিৰত দুস্কৃতিকাৰীৰ সন্ত্ৰাস! ভাঙি থৈ গ’ল শিৱ মন্দিৰ, গনেশ মন্দিৰ

112

গুৱাহাটীৰ ভেটাপাৰা অঞ্চলত মঙলবাৰে নিশা অচিনাক্ত দুষ্কৃতিকাৰীয়ে এটা মন্দিৰ ভাঙি পেলোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ।

বাতৰি অনুসৰি, দুস্কৃতিকাৰীয়ে নিশাৰ অন্ধকাৰৰ সুযোগ লৈ ভেটাপাৰাৰ এটা শিৱ মন্দিৰ লণ্ডভণ্ড কৰি থৈ যায়। পুৱা মন্দিৰটো ভগ্ন অৱস্থাত প্ৰত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ।

স্থানীয় এজন নিৱাসীয়ে দাবী কৰা মতে, মন্দিৰটো ভগ্ন অৱস্থাত দেখি পুৱাৰ ভাগত প্ৰায় ৬ বজাত আৰক্ষীক অৱগত কৰা হয় যদিও বাৰে বাৰে ফোন কৰাৰ পিছতো প্ৰায় আঢ়ৈঘণ্টা পলমকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

ইফালে জানিব পৰা মতে, দুষ্কৃতিকাৰীয়ে এটা গণেশ মন্দিৰো ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে ভগৱান গণেশৰ প্ৰতিমূৰ্তিটো ভাঙি মন্দিৰৰ বাহিৰত পেলাই থৈ যায়।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।