মহানগৰীত ব্যৱসায়ীৰ ওপৰত নৃশংস আক্ৰমণ নিচাসক্ত যুৱকৰ

116

গুৱাহাটীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দাবী কৰা ধন নিদিয়াৰ বাবেই এজন ব্যৱসায়িক ব্লেদেৰে আক্ৰমণ কৰে নিচাসক্ত যুৱকে। ঘটনা সংঘটিত কৰা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও পলাতক অৱস্থাত আছে আন এজন অভিযুক্ত।

জানিব পৰা মতে মহানগৰীৰ গীতামন্দিৰৰ সমীপৰ নিজৰ কাৰ ৱাছিং চেণ্টাৰত বহি থকা সময়তে মোজাহিদ আলী নামৰ ব্যৱসায়ীগৰাকীক ধন দাবী কৰিছিল অংকুৰ শৰ্মা আৰু জিতুমণি শৰ্মা নামৰ যুৱক দুজনে। কিন্তু নিচাসক্ত যুৱক দুজনক ধন দিবলৈ অস্বীকাৰ কৰাত মোজাহিদ অলীক ব্লেদেৰে আক্ৰমণ কৰে দুয়োজনে। যাৰ ফলত ডিঙি, বুকু আৰু পিঠিত আঘাত পায়। পিছত হাস্পতালত ভৰ্তি কৰা হয় ব্যৱসায়ীজনক।

ইফালে গীতানগৰ আৰক্ষীয়ে ঘটনাৰ অভিযুক্ত অংকুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে যদিও অন্য এজন অভিযুক্ত জিতু শৰ্মা পলাতক হৈ আছে। ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।