মহানগৰীত বৃহৎ পৰিমাণৰ হেৰোইনসহ আটক ২ সৰবৰাহকাৰী

86

ৰাজ্যত ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। তাৰেই ফলস্বৰূপে বুধবাৰে মহানগৰীৰ ভৰলুমুখত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

আৰক্ষীয়ে ড্ৰাগছৰ সৰবৰাহৰে জড়িত থকাৰ অভিযোগত জিতু দাস আৰু দ্বীপজ্যোতি কলিতা নামৰ দুজন যুৱকক আটক কৰে।

ধৃত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে হেৰ’ইন ভৰ্তি ৪১ টা কণ্টেইনাৰৰ লগতে নগদ ধন আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয়।