মহানগৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

193

মহানগৰীত পুনৰ জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ।

গড়চুক আৰক্ষীয়ে অভিযান চলাই আইএছবিটিৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ড্ৰাগছখিনি।

ড্ৰাগছ সৰবৰাহৰে জড়িত এজন লোককো গ্ৰেপ্তাৰ আৰক্ষীৰ।

ধুবুৰীৰ হানিচুৰ ৰহমান নামৰ সৰবৰাহকাৰীজনক কৰা হৈছে গ্ৰেপ্তাৰ।

জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য কেইবালাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

সৰবৰাহকাৰীটোৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা ম’বাইল ফোনো।

ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।