গুৱাহাটীঃ মহানগৰীৰ চন্দন নগৰৰ নিবাসী এহাল বৃদ্ধ দম্পত্তিৰ হত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মঙ্গলবাৰে বৃদ্ধ পতি-পত্নীৰ ৰক্তাক্ত মৃতদেহ ঘৰৰ বিচনাত উদ্ধাৰ হয়।
নিহত দম্পত্তিহাল ননী গোপাল বৰুৱা (৮৭) আৰু মিনা বৰুৱা (৭৬) বুলি চিনাক্ত কৰা হৈছে। আনহাতে খিৰিকীৰ আইনা ভাঙি দুৰ্বৃত্ত ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত জানিবলৈ দিয়ে। লুট পাত চলাবলৈ দুৰ্বৃত্তৰ দলটো ঘৰৰ ভিতৰত প্ৰৱেশ কৰা বুলি সন্দেহ কৰা হৈছে।
আনহাতে পুৱা তত্ত্বাৱধায়কজনে বৃদ্ধ দম্পতীহালক ৰাতিপুৱাৰ আহাৰ পৰিৱেশন কৰিবলৈ আহি বৃদ্ধ দম্পত্তিহালৰ মৃতদেহ প্ৰত্যক্ষ কৰে। চোকা অস্ত্ৰৰে দুয়োকে হত্যা কৰা হৈছিল।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানো দুৰ্বৃত্তক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।
