মহানগৰীত পৰিবহণ বিভাগৰ “অপাৰেশ্যন চাৰখাৰ”, ৩১ মাৰ্চৰ ভিতৰত ১০০ কোটি কৰ সংগ্ৰহৰ লক্ষ্য

122

অপাৰেশ্যন চাৰখাৰ! ৰাজপথত কৰ অনাদায় বাহনৰ বিৰুদ্ধে এইবাৰ নতুন অভিযান চলাইছে পৰিবহণ বিভাগে। এতিয়ালৈকে কৰ আদায় নিদিয়া ব্যক্তিগত বা ৰাজহুৱা সকলো বাহনৰ পৰা কৰ সংগ্ৰহৰ এই অভিযানৰ নাম দিয়া হৈছে অপাৰেশ্যন চাৰখাৰ।

অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত মহানগৰীৰ ৰাজপথত চলিবলগা এই অভিযানৰ জৰিয়তে ৩১মাৰ্চৰ ভিতৰত ১০০ কোটি টকা কৰে সংগ্ৰহৰ লক্ষ্য গ্ৰহণ কৰিছে পৰিবহণ বিভাগে।

পৰিবহণ বিষয়া দাসে কয় যে পথ পৰিবহণ মন্ত্ৰালয়ে যান বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ সময়সীমা দিয়াৰ পিছত যোৱা ৩১ অক্টোবৰতে অন্তিম সময়সীমা উকলি যায়। কিন্তু তাৰ পিছতো বহু লোকে বিনাদ্বিধাই বাহন চলাই আছে কৰ পৰিশোধ নকৰাকৈ।

এনে পৰিপ্ৰেক্ষিতত এইবাৰ কৰ পৰিশোধ নকৰিলে বাহনৰ পঞ্জীয়ন বাতিল কৰাৰ লগতে গোচৰ তৰা হ’ব বুলি সকীয়াই দিয়ে গৌতম দাসে৷ তেওঁ লগতে কয় যে প্ৰয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হ’ব পাৰে বাহনৰ স্বত্বাধিকাৰী৷