মহানগৰীত পুনৰ মৃতদেহৰ চাঞ্চল্য! এইবাৰ গীতা মন্দিৰৰ সমীপত গাড়ীৰ ভিতৰত উদ্ধাৰ যুৱকৰ মৃতদেহ

427

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ ইটোৰ পিছত সিটো মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য অব্যাহত থকাৰ সময়তে পুনৰ এবাৰ উদ্ধাৰ হ’ল এটা এটা মৃতদেহ।

এইবাৰ গীতা মন্দিৰৰ সমীপত এটিএমৰ বাবে টকা কঢ়িয়াই অনা এখন বাহনৰ ভিতৰত উদ্ধাৰ হয় এজন ব্যক্তিৰ মৃতদেহ।

প্ৰাথমিক খবৰ অনুসৰি, গীতা মন্দিৰৰ সমীপত টকা কঢ়িওৱা এখন বাহনৰ ভিতৰত সমৰ ৰঞ্জন দাস নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হয়। বাহনখনৰ চালকে মৃতদেহটো পোৱাৰ পিছতে স্থানীয় ৰাইজক এই বিষয়ে অৱগত কৰাৰ লগতে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে মৃতকৰ পৰিয়ালৰ লোককো খবৰ দিয়ে। চিনাক্তকৰণৰ পিছতে মৃতদেহটো আৰক্ষীৰ জিম্মাত লৈ যোৱা হৈছে। ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে, বিগত তিনিদিন ধৰি যুৱকজন নিৰুদ্দেশ হোৱা বুলি মৃতকৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।