ষ্টাফৰিপ’ৰ্টাৰ,, ৪জুন,,,,পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ব্লাক ফুডছ পাৰেণ্ট কোম্পানী লক্ষী ভোগে বৃহস্পতিবাৰে মহানগৰীৰ বিভিন্ন প্ৰান্তত পুনৰ ব্যৱহাৰযোগ্য মাস্ক বিতৰণ কৰে। পানবজাৰ আৰক্ষীৰ সহযোগত আজি পুনৰ ব্যৱহাৰ যোগ্য কটন মাস্ক বিতৰণৰ এক শিবিৰৰ আয়োজন কৰা হয়। উক্ত শিবিৰত পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমেন দাসে লোকসকলৰ মাজত মাস্ক ব্যৱহাৰ কৰে। এই সন্দৰ্ভত লক্ষী ভোগৰ মুকুন্দ ৰিনৱা আৰু কৃষ্ণা শৰ্মাই কয়”-ব্লাক ফুডছে সকলোৰে বাবে এক আঁচনি ৰূপায়ণ কৰিছে। ২৫ কেজি চাউল ক্ৰয় কৰিলে প্ৰতিগৰাকীয়ে এখন পুনৰ ব্যৱহাৰৰ যোগ্য মাস্ক লাভ কৰিব”।ইপিনে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি গেলাপ’ট্টি,ফাঁচীবজাৰৰ শ্ৰমিক সকলৰ লগতে আৰক্ষীৰ মাজত লক্ষী ভোগৰ সদস্য সকলে মাস্ক বিতৰণ কৰে। উল্লেখযোগ্য যে, ব্লাক ফুডছে বিভিন্ন সময়ত এনেধৰণৰ সামাজিক সেৱা আগবঢ়াই আহিছে আৰু আগলৈও এই সেৱা অব্যাহত ৰাখিব।
Latest article
সামগ্ৰীৰ উন্নীতকৰণেৰে টিকেএম-এ মুকলি কৰিলে আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ
টয়োটা কিৰ্লোস্কাৰ মটৰ(টিকেএম)-এ আজি আৰ্বান ক্ৰুজাৰ হাইৰাইডাৰ বাহনখনৰ সুবিধাসমূহৰ উন্নীতকৰণৰ কথা ঘোষণা কৰিছে, যি সুৰক্ষা, আৰাম আৰু সুবিধাক ন ৰূপত সংজ্ঞায়িত কৰিছে। শেহতীয়া বৰ্ধিতকৰণে...
ওড়িশাৰ শিক্ষাবিদ , প্ৰাক্তন সাংসদ অধ্যাপক অচ্যুতা সামান্তলৈ গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা
ওড়িশাৰ প্রখ্যাত সমাজকর্মী, শিক্ষাবিদ, প্ৰাক্তন সাংসদ আৰু ভলীবল ফেডাৰেচন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা অধ্যাপক অচ্যুতা সামান্তলৈ এইবেলি গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা-২০২৫...
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল তিনিজনকৈ লোকৰ
ট্ৰেক্টৰ চালকৰ গুলীত নিহত হ’ল এগৰাকী কৃষক নেতাসহ মুঠ তিনিজন। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দেশতে সৃষ্টি হৈছে চাঞ্চল্য। জানিব পৰা মতে...