ষ্টাফৰিপৰ্টাৰ, ১৩ জুন: মহানগৰীত দিন দুপৰতে নৃশংসভাৱে হত্যা কৰা ৰিতুপৰ্ণ পেগু হত্যকাৰীৰ দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ।
গুৱাহাটী মহানগৰ জিলা সমিতিয়ে। এই সন্দৰ্ভত সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ইছমাইল আলীয়ে কয় “
এনে নৃশংস হত্যাকাণ্ডক কোনেও যাতে অন্য ৰূপ দিবলৈ চেষ্টা নকৰে। দোষীৰ দৃষ্টান্তমূলক শাস্তিৰ ব্যবস্থা কৰিবলৈ আৰক্ষী-প্ৰশাসনক অনতিপলমে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালোঁ। মৃত ৰিতুপৰ্ণ পেগুৰ পত্নীক চৰকাৰে সংস্থাপনৰ ব্যৱস্থা কৰক। মৃত পেগুৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলো লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা যাচিলোঁ।”