মহানগৰীত দিন দুপৰতে দুৰ্বৃত্তই কাঢ়ি লৈ গ’ল ৪ লাখ টকাৰ বেগ

70

মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস কোভিড পৰিস্থিতিৰ মাজতে আতংকিত কৰিছে মহানগৰবাসীক। বৃহস্পতিবাৰে দিন দুপৰতে মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ দলে ব্যৱসায়িক প্ৰতিষ্ঠান কুমাৰ এণ্ড চেলছৰ এজন কৰ্মচাৰীৰ পৰা কাঢ়ি লৈ যায় টকাৰ বেগ।

জানিব পৰা মতে, কুমাৰ এণ্ড চেলছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী দীনেশ সিঙে খ্ৰিষ্টিয়ান বস্তিৰ জিএছ ৰোডত থকা এক্সিছ বেংকৰ পৰা প্ৰতিষ্ঠানটোৰ ৪ লাখ টকা উলিয়াইছিল। কিন্ত দীনেশ সিং বেংকৰ পৰা ওলাই অহাৰ লগে লগে মটৰ চাইকেলত অহা দুৰ্বৃত্তৰ দুজনীয়া দল এটাই কৰ্মচাৰীজনৰ পৰা টকাৰ বেগটো কাঢ়ি সেই স্থানৰ পৰা পলায়ন কৰে।

ঘটনা সন্দৰ্ভত দীনেশ সিঙে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানেও দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই মহানগৰ আৰক্ষী।