মহানগৰীত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ ঘৰুৱা শিক্ষকক

337

গুৱাহাটীত ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ এজন ঘৰুৱা শিক্ষকক। এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত মহানগৰীৰ কটাহবাৰীত গ্ৰেপ্তাৰ কৰা হৈছে ৫০ বৰ্ষীয় এজন ঘৰুৱা শিক্ষকক।

ধৃত শিক্ষকজনৰ নাম মইনুল হক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, অভিযুক্তজনে কটাহবাৰী অঞ্চলৰ এখন ব্যক্তিগত বিদ্যালয়ত কাম কৰে।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে গড়চুক আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় মইনুল হকক।

অভিযোগ অনুসৰি শিক্ষকজনে ১৩ আগষ্টৰ শনিবাৰে আবেলি টিউচন পঢ়াবলৈ অহাৰ সময়তে ঘৰত কোনো উপস্থিত নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰিছিল।